--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনানা কাৰণত ছালত পৰিব পাৰে ক’লা দাগ। কিন্তু  ছালত পৰা ক’লা দাগ  হ'ব পাৰে বিভিন্ন ৰোগৰো লক্ষণ। সেয়ে ছালত ক'লা  দাগ কিয় পৰিছে সেয়া জানিবলৈ চিকিৎসকৰ পৰামৰ্শ নিতান্তই গ্ৰহণ কৰাটো প্ৰয়োজনীয়। সকলো ক্ষেত্ৰতে ছালত ক'লা দাগ পৰাটো একে কাৰণটে নহ'বও পাৰে। চৰ্মৰোগ বিশেষজ্ঞই এই ক্ষেত্ৰত কেতবোৰ পৰামৰ্শ দিছে। যদি ছালত কোনো ধৰণৰ দাগ থাকে, তেন্তে ই সৌন্দৰ্য় হ্ৰাস কৰে।বহুতে আকৌ ছালৰ দাগৰ বিষয়ে মুঠেও চিন্তা নকৰে। এই অৱহেলাৰ বাবেনানান শাৰীৰিক সমস্যাই দেখা দিব পাৰে।  যদি ছালত অলপ বেছিকৈ ক'লা দাগ পৰে তেন্তে  আপুনি ইয়াৰ বিষয়ে সাৱধান হোৱা উচিত। ইয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লওঁক।

ক'লা দাগৰ কাৰণ

টেনিং – যদি সূৰ্যৰ তাপত দীঘলীয়া সময় থাকে, শৰীৰৰ উন্মুক্ত অংশৰ ছাল ক'লা হৈ পৰে।
মানুহৰ ছালত মেলানোচাইট নামৰ এক প্ৰকাৰৰ কোষ থাকে যাৰ পৰা মেলানিন নামৰ ৰঞ্জক এটা তৈয়াৰ  হয়। ছালৰ  ৰং নিৰ্ধাৰণত মেলানিনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ছালৰ ৰং নিৰ্ভৰ কৰে কিমান মেলানোচাইট আছে আৰু ছালত কিমান মেলানিন উৎপন্ন হৈছে তাৰ ওপৰত।
মেচেটা – মেচেটা সাধাৰণতে গালত থাকে আৰু কিছুমান ক্ষেত্ৰত আন কিছুমান ঠাইতো হ'ব পাৰে। এই ক্ষেত্ৰত ক'লা, ধূসৰ বা মুগা দাগ দেখা যায়। মেচেটা মুখ্যতঃ যুৱতীসকলৰ  বেছিকৈ হয় । আনকি আপুনি দীঘলীয়া সময়ৰ বাবে নিয়মীয়া হৰমনৰ ঔষধ গ্ৰহণ কৰিলেও, এনে ধৰণৰ মেচেটা হ'ব পাৰে।

 হাইপাৰ-পিগমেণ্টেচন – যদি কোনো ঠাইত প্ৰদাহ হয়, সেই নিৰ্দিষ্ট স্থানৰ ছাল প্ৰায়ে ক'লা হৈ পৰে। ইয়াক পোষ্ট-ইনফ্লেমেটৰী হাইপাৰ-পিগমেণ্টেচন বুলি কোৱা হয়। উদাহৰণ স্বৰূপে, শালমইনা, ফোঁহা আদি  আৰোগ্য হ'লেও, ছালত এনে ক'লা হোৱা দেখা যায়।

চৰ্মৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক - যদি এজন ব্যক্তিৰ কোনো নিৰ্দিষ্ট বস্তুৰ প্ৰতি এলাৰ্জি থাকে, যদি শৰীৰৰ কোনো অংশ সেই এলাৰ্জি-প্ৰৱণ বস্তুটোৰ সংস্পৰ্শলৈ আহে, ছালত খজুৱতি হৈ ৰঙা বা ক'লা হ'ব পাৰে। উদাহৰণ স্বৰূপে, যদি বহুতে  সেন্দুৰ বা চুলিৰ ৰং আদি  ব্যৱহাৰ কৰিলেও সেই ঠাইত এলাৰ্জি বা খজুৱতি হ'ব পাৰে।
এগান্থোচিছ নিগ্ৰিকেন - ই এক হৰমনজনিত ৰোগ। এই ধৰণৰ সমস্যাৰ ফলত  গালৰ কাষত দাগ হ'ব পাৰে, ডিঙিতো পথালিকৈ দাগ হৈ যায়, ডিঙিৰ ছাল ডাঠ হয় আৰু ক'লা হৈ পৰে। ইয়াৰ বাহিৰেও, শৰীৰৰ আন কিছুমান অংশতো ক'লা দাগ হ'ব পাৰে।

কেনেদৰে প্ৰতিৰোধ কৰিব লাগে
এনেবোৰ কাৰকৰ পৰা মুক্ত হৈ থাকিবলৈ আপুনি কিছুমান বস্তুৰ পৰা আঁতৰি থাকিব লাগিব। যদি সেন্দুৰ বা চুলিৰ কৃত্ৰিম ৰঙৰ বাবে  ছালত এলাৰ্জী হৈ দাগ পৰে তেন্তে সেন্দুৰ বা চুলিৰ ৰঙৰ সলনি আন কিবা বিকল্প ব্যৱহাৰ কৰিব পাৰে। ৰ'দত বাহিৰলৈ ওলাই যাওঁতে চানস্ক্ৰীণ প্ৰয়োগ কৰিব লাগে।

ঘৰুৱা উপায়েৰে দাগ কিদৰে আঁতৰাব?
ঘৰুৱা উপায়েৰেও ছালৰ দাগ আঁতৰাব পাৰি। ইয়াৰ বাবে টেনিং  কৰিব পাৰে। এই ক্ষেত্ৰত কেঁচা গাখীৰ ৫-৭ মিনিটৰ বাবে গোটেই মুখত নিয়মীয়াকৈ মালিচ কৰক। তাৰ পিছত ইয়াক ১০ মিনিটৰ বাবে তেনেদৰে থাকিবলৈ  দিয়ক পিছত  আৰু পানীৰে ধুই দিয়ক। যদি আপুনি বিচাৰে, আপুনি এলো ভেৰা জেলো প্ৰয়োগ কৰিব পাৰে। গাখীৰ আৰু কেঁচা হালধি মিহলি কৰি আৰু ইয়াক একেৰাহে কিছুদিন ক'লা দাগ পৰা স্থানত সানিলেও সুফল পোৱা যায়। ক'লা তুলসীৰ ৰস সানিলেও সুফল পাব পাৰি। পানী, ফলমূল আদি প্ৰচুৰ পৰিমাণে খাব লাগে।

ছালত ক'লা দাগ পৰাৰ সমস্যাটো কি কাৰণত হৈছে  সেয়া চিনাক্ত কৰি চিকিৎসাৰ ব্যৱস্থা কৰক। কেতিয়াবা যকৃতৰ সমস্যাৰ বাবেও ছালত ক'লা দাগ পৰিব পাৰে। এই ক্ষেত্ৰত চিকিৎসকে সঠিক বিধান দিব পাৰিব।সেয়ে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিৎ হ'ব।
বহু সময়ত  ৰাসায়নিক পিল থেৰাপী, লেজাৰ থেৰাপী বা অন্যান্য পদ্ধতি প্ৰয়োগ কৰি ছালৰ দাগ আঁতৰাব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ