--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অসম ভ্ৰমণৰ প্ৰাকক্ষণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ২৪টা প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি, সাংসদ ৰিপুণ বৰাৰ৷ north east industrial and investment policy বন্ধ কৰি চৰকাৰে কি নতুন উদ্যোগ অসমলৈ আনিলে বুলি প্ৰথমে প্ৰশ্ন উত্থাপন কৰে বৰাই৷ ১৯৬৯ৰ পৰা ৯০:১০ত কেন্দ্ৰীয় পুঁজি পাই আহিছিল অসমে। বিশেষ ৰাজ্যৰ মৰ্যাদা পাই আহিছিল অসমে। সেয়া নৰেন্দ্ৰ মোদীয়ে কৰ্তন কৰাৰ পিছত বছৰি ৭০০০ ৰ পৰা ৯০০০ কোটি টকা হেৰুৱাইছে। অসমক মোদীয়ে প্ৰতাৰণা কৰা নাই নে? টালি টোপালা বান্ধি কিমান জন বাংলাদেশী গ'ল বুলিও প্ৰশ্ন কৰে বৰাই৷

আৰু পঢ়িব পাৰিব : ছনু ছুডৰ মুম্বাইৰ অট্টালিকাতো বিএমচিৰ বুলডজাৰ!

৬ মাহৰ ভিতৰত ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি চৰকাৰে দিছিল। সেই প্ৰতিশ্ৰুতিৰ কি হ'ল বুলিও প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ লগতে প্ৰশ্ন কৰে যে, BRGS ৰ পুঁজি কিয় বন্ধ কৰি দিলে? গুৱাহাটীৰ স্মাৰ্ট চিটী ক'লৈ গ'ল? কি হ'ল? জাতি মাটি ভেটিৰ শ্লোগান দি ২৭ খন লাভজনক তৈল ক্ষেত্ৰ ব্যক্তিগত কোম্পানীক দিলে। গোপীনাথ বৰদলৈৰ নামত থকা বিমানবন্দৰ বিক্ৰী কৰিলে, কামাখ্যা ৰে'ল ষ্টেচন ব্যক্তিগত কোম্পানীক বিক্ৰী কৰিলে মোদীয়ে৷ বৰাই লগতে অভিযোগ কৰে যে, কংগ্ৰেছে গঢ়ি যোৱা সম্পদবোৰ বিক্ৰী কৰি এতিয়া দেশ চলাইছে মোদীয়ে। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে গঢ়াৰ প্ৰতিশ্ৰুতি ক'লৈ গ'ল বুলিও তেওঁ প্ৰশ্ন কৰে।

আৰু পঢ়িব পাৰিব : ট্ৰাম্পৰ নীতি সলনিৰ বাবে সাজু বাইডেন, ইছলামিক দেশলৈকো সকাহ!

আনহাতে প্ৰায় ৮০০০০ কোটি টকাৰ ঋণ ল'বলগীয়া হোৱাৰ বাবে অসমৰ চৰকাৰক অকৰ্মন্য আখ্য ৰিপুন বৰাৰ। আজি জন্ম পোৱা অসমৰ এটি শিশুৰ মূৰত ৩৫৬৯০ টকাৰ ঋণ। এয়া অষ্টলক্ষ্মীৰ দেশ হয়নে? অসমীয়াৰ স্বাভিমানক আঘাত কৰি বলপূৰ্বকভাৱে ‘কা' জাপি দিলে। আৰু আমাৰ মাজত বিভাজন আনিলে। অসম চুক্তিৰ আত্মাক টেঁটুচেপি হত্যা কৰিলে বুলিও অভিযোগ কৰে ৰিপুণ বৰাই।

তেওঁ প্ৰশ্ন কৰে যে, অসমৰ কাগজ কল দুটা কিয় বন্ধ কৰিলে? কিয় বিক্ৰী কৰিবলৈ ওলাইছে?আপুনি অসমৰ প্ৰাপ্য জিএছটিৰ অংশ কিয় মুকলি কৰি নিদিলে? অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা ওলাই যোৱাৰ পাছতো মোদী চৰকাৰে কিয় তাক আওকাণ কৰি ৰাখিলে বুলিও তেওঁ প্ৰশ্ন কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক