--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰী ৰাম চন্দ্ৰৰ ভক্ত হনুমানৰ গুণ বৰ্ণনা কৰি ৰচিত স্তৱক বা কবিতাক হনুমান চালিছা বুলি কোৱা হয়। হনুমান চালিছাত ৪০ টা শ্লোক আছে, যাৰ বাবে ইয়াক চালিছা বোলা হয়।আনহাতে, ইয়াত হনুমানৰ ১০৮ টা মান উল্লেখ আছে। হনুমান চালিছা ১৬ শতাব্দীৰ কবি তথা দাৰ্শনিক তুলসী দাসে ৰচনা কৰিছিল। জনবিশ্বাস মতে, তুলসী দাসে ৰুগীয়া অৱস্থাত হনুমান চালিছা ৰচনা কৰিছিল আৰু এই চালিছা ৰচনাৰ পাছতে তেওঁ অবিশ্বাস্যভাৱে আৰোগ্য লাভ কৰিছিল।

যিহেতু ৰামভক্ত হনুমানক সংকটমোচন বুলি কোৱা হয়। হনুমানে নিজৰ ভক্তসকলক সকলো বিপদৰ পৰা ৰক্ষা কৰে আৰু লগতে তেওঁলোকৰ সমস্যা সমাধান কৰে। হনুমান চলিছাৰ বিষয়ে কি বিশ্বাস আছে জানিব পাৰিব। ধৰ্মীয় গ্ৰন্থত উল্লেখ আছে যে যিজন ব্যক্তিয়ে নিয়মিতভাৱে হনুমান চলিছা পাঠ কৰে তেওঁৰ জীৱনত কোনো সমস্যা নহয়। কোনো সমস্যা হ’লেও সমস্যা সমাধানৰ পথো মুকলি হৈ থাকে। কিন্তু সকলো কাম আন্তৰিকতাৰে কৰা উচিত।

হনুমান চালিছা পাঠৰ উপকাৰিতা জানেনে?

ৰোগ দূৰ কৰেঃ হনুমান চলিছাত কোৱা হৈছে যে হনুমানজীয়ে ভক্তৰ সকলো বেমাৰ দূৰ কৰে। হনুমান চলিছা পাঠ কৰিলে সকলো ধৰণৰ ৰোগ আৰু দুখ দূৰ হয়। হনুমান জীৰ নাম গ্ৰহণ কৰিলে দুখ দূৰ হয়।

ভূতৰ পৰা মুক্তি পাব পাৰিঃ মহাবীৰৰ নাম শুনিলে অপশক্তি ওচৰলৈ নাহে। এই কথা হনুমান চলিছাত কোৱা হৈছে। হনুমান জীৰ নাম লোৱাৰ সময়ত কোনো ঋণাত্মক শক্তি ওচৰলৈ নাহে।

নেতিবাচকতা নাইকিয়া কৰেঃ নিয়মিতভাৱে হনুমান চলিছা পাঠ কৰাসকলে তেওঁলোকৰ জীৱনৰ পৰা নেতিবাচকতা বাহিৰ কৰি দিয়ে আৰু ইতিবাচক শক্তি তেওঁলোকৰ জীৱনত প্ৰৱেশ কৰে। ফলত বিফলতাৰ ভয়ে তেওঁলোকক গ্ৰাস নকৰে। 

আপুনি হনুমান চালিছা কেতিয়া পঢ়িব ?
হনুমান চালিছা যি কোনো সময়তে পাঠ কৰিব পাৰি।কিন্তু কেতিয়াবা যদি কোনো ব্যক্তিয়ে বেছিকৈ ভয় খায় অথবা বিপদত পৰা উদ্ধাৰ হোৱাৰ পথ বিচাৰি হাহাকাৰ কৰে, সেই সময়ত হনুমান চালিছা পঢ়িলে সকলো ভয়-শংকা দূৰ হয়।আনহাতে, বহুতৰ বিশ্বাস মতে, হনুমান চালিছাই বেয়া শক্তি দূৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ