--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰী ৰাম চন্দ্ৰৰ ভক্ত হনুমানৰ গুণ বৰ্ণনা কৰি ৰচিত স্তৱক বা কবিতাক হনুমান চালিছা বুলি কোৱা হয়। হনুমান চালিছাত ৪০ টা শ্লোক আছে, যাৰ বাবে ইয়াক চালিছা বোলা হয়।আনহাতে, ইয়াত হনুমানৰ ১০৮ টা মান উল্লেখ আছে। হনুমান চালিছা ১৬ শতাব্দীৰ কবি তথা দাৰ্শনিক তুলসী দাসে ৰচনা কৰিছিল। জনবিশ্বাস মতে, তুলসী দাসে ৰুগীয়া অৱস্থাত হনুমান চালিছা ৰচনা কৰিছিল আৰু এই চালিছা ৰচনাৰ পাছতে তেওঁ অবিশ্বাস্যভাৱে আৰোগ্য লাভ কৰিছিল।

যিহেতু ৰামভক্ত হনুমানক সংকটমোচন বুলি কোৱা হয়। হনুমানে নিজৰ ভক্তসকলক সকলো বিপদৰ পৰা ৰক্ষা কৰে আৰু লগতে তেওঁলোকৰ সমস্যা সমাধান কৰে। হনুমান চলিছাৰ বিষয়ে কি বিশ্বাস আছে জানিব পাৰিব। ধৰ্মীয় গ্ৰন্থত উল্লেখ আছে যে যিজন ব্যক্তিয়ে নিয়মিতভাৱে হনুমান চলিছা পাঠ কৰে তেওঁৰ জীৱনত কোনো সমস্যা নহয়। কোনো সমস্যা হ’লেও সমস্যা সমাধানৰ পথো মুকলি হৈ থাকে। কিন্তু সকলো কাম আন্তৰিকতাৰে কৰা উচিত।

হনুমান চালিছা পাঠৰ উপকাৰিতা জানেনে?

ৰোগ দূৰ কৰেঃ হনুমান চলিছাত কোৱা হৈছে যে হনুমানজীয়ে ভক্তৰ সকলো বেমাৰ দূৰ কৰে। হনুমান চলিছা পাঠ কৰিলে সকলো ধৰণৰ ৰোগ আৰু দুখ দূৰ হয়। হনুমান জীৰ নাম গ্ৰহণ কৰিলে দুখ দূৰ হয়।

ভূতৰ পৰা মুক্তি পাব পাৰিঃ মহাবীৰৰ নাম শুনিলে অপশক্তি ওচৰলৈ নাহে। এই কথা হনুমান চলিছাত কোৱা হৈছে। হনুমান জীৰ নাম লোৱাৰ সময়ত কোনো ঋণাত্মক শক্তি ওচৰলৈ নাহে।

নেতিবাচকতা নাইকিয়া কৰেঃ নিয়মিতভাৱে হনুমান চলিছা পাঠ কৰাসকলে তেওঁলোকৰ জীৱনৰ পৰা নেতিবাচকতা বাহিৰ কৰি দিয়ে আৰু ইতিবাচক শক্তি তেওঁলোকৰ জীৱনত প্ৰৱেশ কৰে। ফলত বিফলতাৰ ভয়ে তেওঁলোকক গ্ৰাস নকৰে। 

আপুনি হনুমান চালিছা কেতিয়া পঢ়িব ?
হনুমান চালিছা যি কোনো সময়তে পাঠ কৰিব পাৰি।কিন্তু কেতিয়াবা যদি কোনো ব্যক্তিয়ে বেছিকৈ ভয় খায় অথবা বিপদত পৰা উদ্ধাৰ হোৱাৰ পথ বিচাৰি হাহাকাৰ কৰে, সেই সময়ত হনুমান চালিছা পঢ়িলে সকলো ভয়-শংকা দূৰ হয়।আনহাতে, বহুতৰ বিশ্বাস মতে, হনুমান চালিছাই বেয়া শক্তি দূৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম