--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বাতবিষ ৰোগীৰ সমস্যা শীতকালত যথেষ্ট বৃদ্ধি পায়। ঠাণ্ডা আৰু আৰ্দ্ৰতাৰ বাবে গাঁঠিৰ ফুলা আৰু বিষ ইমানেই বাঢ়ি যায় যে উঠা-নমা বা আন কাম কৰিবলৈ টান হৈ পৰে। যদিও এই সমস্যা সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰি, তথাপিও কিছুমান বনৌষধি আছে যিয়ে এই বিষ কমোৱাত সহায় কৰিব পাৰে। এই বনৌষধিবোৰৰ ফুলা নিবাৰণকাৰী সমানেই বিষ নিৰাময়কাৰী গুণ আছে, যিয়ে বাতবিষসমূহ হ্ৰাস কৰাত সহায়ক বুলি প্ৰমাণিত হয়।

হালধি : হালধিত প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যিয়ে বাতবিষ কমোৱাত সহায় কৰে। সেয়েহে শীতকালত হালধি গাখীৰ খালে গাঁঠিৰ ফুলা আৰু বিষৰ পৰা উপশম পোৱা যায়।

আদা : আদাও এবিধ প্ৰদাহ নিবাৰণকাৰী বনৌষধি, যিয়ে বাতবিষ কমোৱাত সহায়ক। নিয়মিতভাৱে আদা সেৱন কৰিলে গাঁঠিৰ ফুলা কম কৰাত সহায় কৰে। চাহত আদা দি বা পোনপটীয়াকৈ সেৱন কৰিলে শীতকালত বাতবিষৰ পৰা সকাহ পাব পাৰি।

অমলখি : আমলখিত ভিটামিন-চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰৰ প্ৰদাহ কমায়। নিয়মীয়াকৈ আমলখি সেৱন কৰিলে বাতবিষ নিয়ন্ত্ৰণত থাকে। আমলখিৰ ৰস বা ইয়াৰ গুড়ি সেৱন কৰিলে গাঁঠিৰ বিষৰ পৰা উপশম পোৱা যায়।

মৌ আৰু ডালচেনি : বাতবিষৰ কমোৱাৰ বাবে মৌ আৰু দালচেনিৰ মিশ্ৰণ এক ফলপ্ৰসূ প্ৰতিকাৰ। ডালচেনি আৰু মৌত থকা এন্টিঅক্সিডেন্টসমূহ একেলগে থকা এন্টি-ইনফ্লেমেটৰী গুণে বাতবিষৰ বিষ কমোৱাত সহায় কৰে। প্ৰতিদিনে পুৱা খালী পেটত এই মিশ্ৰণ সেৱন কৰিলে গাঁঠিৰ ফুলা আৰু বিষৰ পৰা উপশম পোৱা যায়।

অশ্বগন্ধা : অশ্বগন্ধা এবিধ আচৰিত বনৌষধি যিয়ে বাতবিষ কম কৰাৰ লগতে ই শৰীৰৰ মানসিক চাপ কমোৱাত আৰু গাঁঠিৰ বিষ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ