--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বাতবিষ ৰোগীৰ সমস্যা শীতকালত যথেষ্ট বৃদ্ধি পায়। ঠাণ্ডা আৰু আৰ্দ্ৰতাৰ বাবে গাঁঠিৰ ফুলা আৰু বিষ ইমানেই বাঢ়ি যায় যে উঠা-নমা বা আন কাম কৰিবলৈ টান হৈ পৰে। যদিও এই সমস্যা সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰি, তথাপিও কিছুমান বনৌষধি আছে যিয়ে এই বিষ কমোৱাত সহায় কৰিব পাৰে। এই বনৌষধিবোৰৰ ফুলা নিবাৰণকাৰী সমানেই বিষ নিৰাময়কাৰী গুণ আছে, যিয়ে বাতবিষসমূহ হ্ৰাস কৰাত সহায়ক বুলি প্ৰমাণিত হয়।

হালধি : হালধিত প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যিয়ে বাতবিষ কমোৱাত সহায় কৰে। সেয়েহে শীতকালত হালধি গাখীৰ খালে গাঁঠিৰ ফুলা আৰু বিষৰ পৰা উপশম পোৱা যায়।

আদা : আদাও এবিধ প্ৰদাহ নিবাৰণকাৰী বনৌষধি, যিয়ে বাতবিষ কমোৱাত সহায়ক। নিয়মিতভাৱে আদা সেৱন কৰিলে গাঁঠিৰ ফুলা কম কৰাত সহায় কৰে। চাহত আদা দি বা পোনপটীয়াকৈ সেৱন কৰিলে শীতকালত বাতবিষৰ পৰা সকাহ পাব পাৰি।

অমলখি : আমলখিত ভিটামিন-চি আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰৰ প্ৰদাহ কমায়। নিয়মীয়াকৈ আমলখি সেৱন কৰিলে বাতবিষ নিয়ন্ত্ৰণত থাকে। আমলখিৰ ৰস বা ইয়াৰ গুড়ি সেৱন কৰিলে গাঁঠিৰ বিষৰ পৰা উপশম পোৱা যায়।

মৌ আৰু ডালচেনি : বাতবিষৰ কমোৱাৰ বাবে মৌ আৰু দালচেনিৰ মিশ্ৰণ এক ফলপ্ৰসূ প্ৰতিকাৰ। ডালচেনি আৰু মৌত থকা এন্টিঅক্সিডেন্টসমূহ একেলগে থকা এন্টি-ইনফ্লেমেটৰী গুণে বাতবিষৰ বিষ কমোৱাত সহায় কৰে। প্ৰতিদিনে পুৱা খালী পেটত এই মিশ্ৰণ সেৱন কৰিলে গাঁঠিৰ ফুলা আৰু বিষৰ পৰা উপশম পোৱা যায়।

অশ্বগন্ধা : অশ্বগন্ধা এবিধ আচৰিত বনৌষধি যিয়ে বাতবিষ কম কৰাৰ লগতে ই শৰীৰৰ মানসিক চাপ কমোৱাত আৰু গাঁঠিৰ বিষ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ