--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে শোৱাৰ সময়ত বহু সপোন দেখে। সপোনশাস্ত্ৰৰ মতে কিছুমান সপোন দেখাটো শুভ বুলি গণ্য কৰা হয়, আনহাতে কিছুমান সপোনে অশুভ ইংগিতো দিব পাৰে। 

সপোনত যদি ময়ূৰ পক্ষী দেখা পায়, তেন্তে ইয়াৰো বিশেষ অৰ্থ থাকিব পাৰে। সপোনত ময়ূৰ দেখা পোৱাটো সপোনশাস্ত্ৰৰ মতে শুভ নে অশুভ জানো আহক।

ময়ূৰক দেখা শুভ নে অশুভ?

ময়ূৰক ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় বুলি গণ্য কৰা হয়। এজন ব্যক্তিয়ে সপোনত ময়ূৰ দেখাৰ পিছত বহুতো শুভ লক্ষণ লাভ কৰিব পাৰে। জ্যোতিষত বিশ্বাস কৰা হয় যে ময়ূৰ ধনীষ্ঠা নক্ষত্ৰৰ সৈতে সম্পৰ্কিত আৰু ই মানুহক ধন-সম্পত্তি লাভ কৰাত সহায় কৰিব পাৰে।সপোনত ময়ূৰ দেখিলে মানুহৰ সৌভাগ্যৰ দুৱাৰ মুকলি হব পাৰে।

যোৰাকৈ ময়ূৰ দেখাৰ অৰ্থ

যদি আপুনি অবিবাহিত আৰু সপোনত এযোৰ ময়ুৰ দেখা পায় তেন্তে তাৰ অৰ্থ হ’ল আপোনাৰ সোনকালে বিয়া হ’ব আৰু আপুনি এজন ভাল জীৱনসংগী পাব। লগতে জীৱনত সুখ আৰু সমৃদ্ধি পাবলৈ গৈ আছে।

বগা ময়ূৰ দেখাৰ অৰ্থ

কোনো ব্যক্তিয়ে যদি সপোনত বগা ময়ূৰ দেখা পায় তেন্তে ইয়াকো অতি শুভ বুলি গণ্য কৰা হয়। কাৰণ সপোনশাস্ত্ৰৰ মতে এনে সপোনৰ অৰ্থ হ’ল দেৱী লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত বৰষিবলৈ গৈ আছে।

ময়ূৰৰ পাখি দেখাৰ অৰ্থ

ময়ূৰৰ পাখিক মংগলৰ প্ৰতীক বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত যদি কোনো ব্যক্তিয়ে সপোনত ময়ুৰৰ পাখি দেখে তেন্তে তাৰ অৰ্থ হ’ল আপোনাৰ সকলো গ্ৰহৰ দোষ ধ্বংস হ’বলৈ গৈ আছে, যাৰ ফলত জীৱনত ধনাত্মকতা থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান