--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আকৌ বাঢ়িছে কৰ’নাৰ সংক্ৰমণ। ইফালে ভূতৰ ওপৰত দানহ পৰাদি আহিল অ’মিক্ৰন। এই ভাইৰাছৰ আক্ৰমণে জনসাধাৰণক যেন ঠেলি দিছে আন্ধাৰৰ গহ্বৰলৈ। মানৱ সভ্যতাত কৰ’না ভাইৰাছে বিশ্বত কি প্ৰভাৱ পেলালে সেয়া নতুনকৈ কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। বিশ্বৰ চৌদিশে আৱৰি ধৰিলে বিপৰ্যয় আৰু বিধ্বস্ত অৱস্থাই। বিশ্বৰ শক্তিশালী দেশবোৰো এই ভাইৰাছৰ সন্মুখত পানী পানী হৈ গ’ল। ধন-জনৰ বৃহৎ ক্ষতি হ’ল। কৰ’নাৰ ফলত কোনোবা যদি চিৰদিনলৈ এই পৃথিৱী এৰি গ’ল আন কাৰোবাৰ স্বাস্থ্যৰ প্ৰতি আহিল তীব্ৰ ভাবুকি। কিমানৰ উপাৰ্জনৰ পথ বন্ধ হ’ল…কিমানে চাকৰি হেৰুৱালে তাৰ কোনো লেখ-জোখ নাই। চাৰিওফালে এন্ধাৰ দেখাত এই কৰ’না কালত অসংখ্য লোকে বাচি ল’লে আত্মহননৰ পথ। কৰ’নাই সৃষ্টি কৰা এনে দুৰ্যোগৰ সময়তে এইবাৰ বিশ্বজুৰি আতংক সৃষ্টি কৰিবলৈ আহিল অ’মিক্ৰন।

অ’মিক্ৰন দ্ৰুতগতিত বিয়পি পৰিছে। ইয়াৰ উৎপত্তিস্থল হ’ল দক্ষিণ আফ্ৰিকা। বৰ্তমানলৈকে বিশ্বৰ প্ৰায়কেইখন দেশতে অ’মিক্ৰনৰ সন্ধান পোৱা গৈছে। ভাৰততো অ’মিক্ৰনে আতংকৰ সৃষ্টি কৰিছে। দেশৰ অন্যান্য ৰাজ্যৰ লগতে পশ্চিমবংগতো কৰ’নাৰ নতুন প্ৰজাতি অমিক্ৰণৰ ত্ৰাস অব্যাহত আছে। প্ৰতিদিনে ৰাজ্যত যথেষ্টসংখ্যক লোক কৰ’নাত আক্ৰান্ত হৈছে। মৃত্যুৰ সংখ্যাও বাঢ়িছে। স্বাস্থ্য বিভাগৰ শংকা অনুসৰি বৰ্তমান যিটো হাৰত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাইছে তাৰপ্ৰতি লক্ষ্য ৰাখি জানুৱাৰীৰ শেষত ৰাজ্যখনত দৈনিক আক্ৰান্তৰ সংখ্যাই ৩০ হাজাৰৰো অধিক লোক আক্ৰান্ত হ’ব পাৰে বুলি ভবা হৈছে। পশ্চিমবংগত এতিয়ালৈকে ২৭জন অ’মিক্ৰন ৰোগী ধৰা পৰিছে।

উল্লেখযোগ্য কথাটো হ’ল অ’মিক্ৰনত আক্ৰান্ত হোৱা ৮১ শতাংশ ৰোগীয়ে কোভিডৰ ডাবল ভেকচিন লৈছিল। তাৰপাছতো ইমান সংখ্যক লোক অ’মিক্ৰনত আক্ৰান্ত হোৱা ঘটনাৰ পৰা স্পষ্ট হৈছে যে অ’মিক্ৰন ৰোধ কৰাৰ ক্ষেত্ৰত ক’ভিডৰ ভেকচিন কোনো কামত অহা নাই। অৱশ্যে এটা কথা ঠিক যে ক’ভিডৰ দুপালি ভেকচিন লৈ থোৱা বাবেই ৰোগীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটা নাই আৰু কম সময়ৰ ভিতৰতে অ’মিক্ৰন ৰোগী সুস্থ হৈ উঠিছে। সেয়েহে বাৰে বাৰে প্ৰত্যেক ৰাজ্যৰ চৰকাৰে দুপালি ভেকচিন লোৱাটো বাধ্যতামূলক কৰিছে। যিসকলে এতিয়াও ভেকচিন লোৱা নাই তেওঁলোকক ভেকচিন ল’বৰ বাবে আহ্বান জনাই আহিছে।

আৰু পঢ়কঃ লজ্জাজনক ! ধনৰ অভাৱত গণৰাজ্য দিৱসত নাথাকিব অসমৰ প্ৰতীকপট

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?