--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বিষয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ এজন লাইনমেনে কৰিলে আত্মহত্যা। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী জিলাত। বিদ্যুৎ বিভাগত লাইনমেন হিচাপে কাম কৰা গকুল প্ৰসাদ নামৰ লোকজনে নিজৰ ট্ৰেন্সফাৰ বিচাৰিছিল। 

বিদ্যুৎ বিভাগৰ কনিষ্ঠ অভিযন্তা নগেন্দ্ৰ কুমাৰে গকুল প্ৰসাদক প্ৰস্তাৱ দিয়ে যে ''যদি তুমি ট্ৰেন্সফাৰ বিচাৰা তেন্তে তোমাৰ পত্নীক মোৰ ওচৰলৈ পঠাই দিয়া। তেওঁ মোৰ লগত শুব লাগিব।'' এই কথাত মানসিকভাৱে আঘাত পাই গকুল প্ৰসাদে নিজৰ গাত পেট্ৰ'ল ঢালি জুই লগাই দিয়ে। পালিয়া আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত এখন চহৰৰ এটা বিদ্যুৎ উপ-কেন্দ্ৰত কাম কৰা কৰা লাইনমেন গকুল প্ৰসাদে নগেন্দ্ৰ কুমাৰৰ নিৰ্যাতনত বিৰক্ত হৈ নিজৰ গাত পেট্ৰ'ল ঢালি জ্বলাই দিয়ে। 

গোকুল প্ৰসাদে পালিয়া পাৱাৰ চাব ষ্টেচনৰ কাৰ্যালয়ৰ বাহিৰত নিজৰ গাত পেট্ৰ'ল ঢালি জুই লগাই আত্মহত্যা কৰে। ঘটনাটোৰ বিষয়ে জানিব পাৰি পৰিয়ালৰ সদস্যসকলে জুইত জ্বলি যোৱা গকুল প্ৰসাদক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ লৈ আহে। উন্নত চিকিৎসাৰ বাবে তেওঁক লক্ষ্ণৌলৈ লৈ যোৱা হয়। 

চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় গকুল প্ৰসাদৰ। বিষয়টোৰ গুৰুত্ব বিবেচনা কৰি লখিমপুৰ খেৰী জিলাৰ ডিএম মহেন্দ্ৰ বাহাদুৰ সিঙে বিদ্যুৎ নগেন্দ্ৰ কুমাৰক তাৎক্ষণিকভাৱে নিলম্বন কৰিছে।গকুল প্ৰসাদৰ পৰিয়ালৰ সদস্যসকলে নগেন্দ্ৰ কুমাৰ আৰু অন্যান্য কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষীক লিখিত অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ ক্ষীপ্ৰ তদন্তত নামি পৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী