--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহ যাত্ৰীৰ গাড়ীৰ সৈতে এখন ট্ৰাকৰ মুখামুখী সংঘৰ্ষ হোৱাৰ ফলতএটি  ডেৰ বছৰীয়া শিশুসহ এটা পৰিয়ালৰ কমেও ১১ জন লোক  নিহত হৈছে। বুধবাৰে নিশা ছত্তীশগড়ৰ বালোদ জিলাত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো ।

আৰক্ষীয়ে  প্ৰকাশ কৰা মতে ঘটনাস্থলীতে দহজন লোকৰ মৃত্যু হয়। চিকিৎসালয়লৈ নিয়াৰ পথত আন এজন লোকৰ মৃত্যু হয়। মৃতসকলৰ ভিতৰত আছে  কেশৱ চাহু (৩৪), দোমেশ ধ্ৰুৱ (১৯), সন্ধ্যা চাহু (২৪), ৰাম চাহু (২০), শৈলেন্দ্ৰ চাহু (২২), লক্ষ্মী চাহু (৪৫), ধৰ্মৰাজ চাহু (৫৫), ঊষা চাহু (৫২), কিয়াতমান্স চাহু (৩) আৰু ডেৰ বছৰীয়া ঈশান চাহু।

আৰক্ষীয়ে জনোৱা অনুসৰি নিহত আটাইকেইজন ধামতাৰী জিলাৰ সোৰাম-ভাটগাঁৱৰ আছিল। পৰিয়ালটোৱে এখন এছইউভিৰে  কাঙ্কেৰ জিলাৰ মাৰ্কাটোলা গাঁৱৰ এক বিবাহ অনুষ্ঠানলৈ গৈ আছিল। ঘটনাটো বুধবাৰে নিশা পুৰু আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত জগতাৰা গাঁৱৰ ওচৰৰ ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয়।এজন প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে  ৰাষ্ট্ৰীয় ঘাইপথেৰে গাড়ীখনে তীব্ৰ গতিত যাত্ৰা কৰিছিল। হঠাতে ট্ৰাকৰ সৈতে বাহন খনৰ সংঘৰ্ষ হয়। 

দুৰ্ঘটনাৰ ফলত এছ.ইউ.ভি. খন ট্ৰাকৰ তলত সোমাই পৰে৷ লগে লগে কাষৰীয়া এলেকাৰ লোকসকলে ঘটনাস্থলীলৈউপস্থিত হৈ  উদ্ধাৰ অভিযান আৰম্ভ কৰে। কিন্তু গাড়ীখন ইমানেই চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছিল যে কাকো বাহিৰলৈ উলিয়াই অনাটো সম্ভৱ হোৱা নাছিল। আৰক্ষী ঘটনাস্থলীত উপস্থিত  হৈ মেছিনেৰে গাড়ীখন কাটি মৃতদেহবোৰ উদ্ধাৰ কৰে৷  দুৰ্ঘটনাটোৰ পিছৰে পৰা  ট্ৰাকৰ চালকজনৰ কোনো সন্ধান এতিয়ালৈকে পোৱা হোৱা নাই।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ পর্যটনক নতুন গতি প্ৰদানৰ লক্ষ্য; গুৱাহাটীলৈ আহিব ‘গানছ এন ৰ’জেছ’
পৃথিৱীক চুই যাব সৌৰ ধুমুহাই
‘দৈনিক জনমভূমি’ৰ জ্যেষ্ঠ সাংবাদিক কিশোৰ গোস্বামীলৈ ‘দেৱকুমাৰ বৰা সোঁৱৰণি মিডিয়া ফেল’শ্বিপ’
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল মৰাণৰ অমৰ চাওৰা; পাঞ্জা খেলত দুটাকৈ সোণৰ পদক অৰ্জন
অসম মীন উন্নয়ন নিগম কেলেংকাৰী: চিআইডিৰ জালত দুজনকৈ উচ্চপদস্থ বিষয়া
গুৱাহাটী বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেলৰ বাণিজ্যিক সেৱা আৰম্ভ, উত্তৰ-পূবৰ যোগাযোগত নতুন দিগন্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement