Google search engine
27 C
Guwahati
Tuesday, August 3, 2021
Google search engine
Homeআঞ্চলিকসাজু নিৰ্বাচন আয়োগঃ স্পৰ্শকাতৰ ভোটকেন্দ্ৰত নিয়োগ হ’ব অৰ্ধসামৰিক বাহিনী

সাজু নিৰ্বাচন আয়োগঃ স্পৰ্শকাতৰ ভোটকেন্দ্ৰত নিয়োগ হ’ব অৰ্ধসামৰিক বাহিনী

গুৱাহাটী : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন আয়োগ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা ৮১ লাখ ৯ হাজাৰ ৮১৫ গৰাকী৷ পুৰুষ ভোটাৰৰ সংখ্যা ৪০ লাখ ২২ হাজাৰ ২১০ গৰাকী৷ মহিলা ভোটাৰৰ সংখ্যা ৪০ লাখ ৩২ হাজাৰ ৪৮১ গৰাকী৷ ৬,৪৩৩টা স্থানত হ’ব ১১,৫৩৭টা ভোটকেন্দ্ৰ৷ পুলিং বিষয়া নিয়োগ কৰা হৈছে ২ লাখ ৪১,২৬৯গৰাকী৷

আৰু পঢ়িব পাৰিব : ‘মোক ভোট দিয়ক, পাব হেলিকপ্টাৰ, যাব পাৰিব চন্দ্ৰ ভ্ৰমণলৈ!’

ভোট দিবলৈ মাস্ক পৰিধান কৰি আহিবলৈ আহ্বান জনায় সকলোকে৷ এতিয়ালৈ ২ হাজাৰতকৈ বেছি নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ নিৰ্বাচন আয়োগৰ৷ ইপিনে ৰাজ্যত জব্দ হৈছে ২ কোটি ৯৯ লাখ টকা মূল্যৰ সুৰা৷ বুধবাৰলৈকে জব্দ ৮৭ কোটি ৯৬ লাখ ১৩ হাজাৰ ৭৩২টকাৰ সম্পত্তি৷ ৫,৪০২টা মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী-প্ৰশাসনে৷ ড্ৰাগছ জব্দ হৈছে ১০ কোটি টকাৰ৷

আৰু পঢ়িব পাৰিব : ‘লণ্ডন ছিম্ফনী অৰ্কেষ্ট্ৰা’ত জয় বৰুৱাৰ সংগীত, ‘কাঁ’ত স্বীকৃতি

স্পৰ্শকাতৰ ভোটকেন্দ্ৰত নিয়োগ হ’ব আৰক্ষী- অৰ্ধসামৰিক বাহিনী৷ অধিক স্পৰ্শকাতৰ স্থানত দুগুণ বৃদ্ধি কৰা হ’ব নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা৷ আজি অনুষ্ঠিত এক সংবাদমেলত এই সকলোবোৰ কথা সদৰী কৰে নিৰ্বাচন আয়োগে৷

RELATED ARTICLES

Today's Weather

Guwahati
thunderstorm
27 ° C
27 °
27 °
89 %
1.5kmh
75 %
Tue
28 °
Wed
32 °
Thu
33 °
Fri
33 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular