--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ আলফাৰ শিবিৰত মৃত্যু হ’ল দুজন অসমীয়াৰ৷সোমবাৰে অসম আৰক্ষীৰ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত এগৰাকী মহিলাকে ধৰি দুজন কেডাৰক মৃত্যুদণ্ড দিয়া হয় বুলি তথ্য সদৰী হয়৷মৃত আলফা কেডাৰ কেইজন লাচিত হাজৰিকা ওৰফে চেলিম আলী আৰু বৰ্ণালী অসম ওৰফে নয়নমনি চেতিয়া বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি লাচিত হাজৰিকা অসমৰ লখিমপুৰ জিলাৰ বিহপুৰীয়া নিবাসী আছিল। ২০০৪ চনত সংঘটিত হোৱা চাঞ্চল্যকৰ ধেমাজি বোমা বিস্ফোৰণৰ কাণ্ডৰ অন্যতম প্ৰধান অভিযুক্ত বুলি অনুমান কৰা হৈছিল  আৰু তেতিয়াৰ পৰাই তেওঁক পলাতক বুলি ঘোষণা কৰা হৈছিল।টিৰাপ জিলাত আছাম ৰাইফলছ আৰু অৰুণাচল প্রদেশ আৰক্ষীৰ লোকে আটক কৰা দুজন আলফা কেডাৰে দুয়োজন কেডাৰক ফাঁচী দিয়াৰ কথা ইতিমধ্যে নিশ্চিত কৰিছে৷

নিৰাপত্তাৰক্ষীয়ে কেডাৰ দুজনৰ হাতত এটা ০.৩২ এম এম পিষ্টল আৰু এটা ৯ এম এম পিষ্টল উদ্ধাৰ কৰে।আটকাধীন কেডাৰ দুজনৰ নাম মঞ্জিত গগৈ ওৰফে নিলোৎপল অসম আৰু ৰোহিনী গগৈ ওৰফে উপেন অসম।ইফালে তিনিচুকীয়া নিবাসী মৃত নয়নমণি চেতিয়াই আৰু দুজন সহযোগীৰ সৈতে যোৱা বছৰ এই নিষিদ্ধ আলফাত যোগদান কৰা বুলি জানিব পৰা গৈছে।তদুপৰি এইটোও উল্লেখ কৰিব লাগিব যে নিষিদ্ধ আলফাৰ দুই কেডাৰে এতিয়ালৈকে মৃত্যুদণ্ড লাভ কৰাৰ সন্দৰ্ভত ইতিমধ্যে আনুষ্ঠানিক ঘোষণা কৰিছে।আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে এক বিবৃত্তি প্ৰকাশৰ জড়িয়তে দুইজনকে মৃত্যুদণ্ড বিহা বুলি ঘোষণা কৰে ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান