spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকবেজালিৰ নামত পিংকী-চন্দ্ৰই লুটিলে ২৬ লাখ টকা ! সাৰি নগ'ল প্ৰাক্তন বিধানসভাৰ...

বেজালিৰ নামত পিংকী-চন্দ্ৰই লুটিলে ২৬ লাখ টকা ! সাৰি নগ’ল প্ৰাক্তন বিধানসভাৰ অধ্যক্ষৰ পুত্ৰও

শিৱসাগৰ : বেজ নহয়, এইবাৰ শিৱসাগৰত বেজৰ এজেন্টে লুটিলে ২৬ লাখ। অন্ধ বিশ্বাসৰ বলি মহিলাৰ পৰা তাবিজ দিয়াৰ নামত বেজৰ এজেন্ট মহিলাই লুটিলে বৃহৎ পৰিমানৰ ধন। প্ৰৱঞ্চক পিংকি দাস নামৰ মহিলাগৰাকীৰ মুখত আলফাৰ নাম। সাৰি নগ’ল প্ৰাক্তন বিধান সভাৰ অধ্যক্ষ প্ৰণৱ গগৈৰ পুত্ৰও। প্ৰণৱ গগৈৰ পুত্ৰ প্ৰমীৰ গগৈৰ নাম লৈ বেজৰ এজেন্টৰ চল-চাতুৰি, ভয়-ভাবুকি দিয়াৰ উপৰি বিধৱা মহিলাক ৰামঠগন দি এতিয়া ৰঙাঘৰৰ অতিথি পিংকী-চন্দ্ৰ।

শিৱসাগৰত এইবাৰ বেজৰ এজেন্টৰ মুখত আখৈ ফুটাদি ফুটিল বিধান সভাৰ অধ্যক্ষ প্ৰণৱ গগৈৰ পুত্ৰ প্ৰমীৰ গগৈ আৰু নিষিদ্ধ ঘোষিত আলফাৰ নাম। ভুক্তভোগী বিধৱা মহিলাৰ পৰা আৰৱৰ বেজৰ নাম লৈ ২৬ লাখ টকা চল-চাতুৰিৰে সৰকোৱা প্ৰৱঞ্চক মহিলাই কিদৰে আলফা আৰু প্ৰণৱ গগৈৰ পুত্ৰৰ নাম ব্যৱহাৰ কৰি লুন্ঠনৰ জাল তৰিছিল৷

উল্লেখ্য যে শিৱসাগৰৰ গৌৰীসাগৰত বেজ-বেজালিৰ নামত বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে পিংকী দাস আৰু স্বামী চন্দ্ৰ দাসৰ বিৰুদ্ধে। আৰৱ আৰু শিৱসাগৰৰ নামতিৰ গোপাল নামৰ বেজৰ এজেন্ট পিংকী দাস আৰু স্বামী চন্দ্ৰ দাসে বেমাৰৰ তাবিজ-ক’লা সূতা দিয়াৰ নামত ২৬ লক্ষাধিক টকা আত্মসাতৰ অভিযোগ উত্থাপন কৰিছে ৰীণামনি বৰা নামৰ এগৰাকী মহিলাই ।ইতিমধ্যে ভুক্তভোগী ৰীনামনি বৰাই দাখিল কৰা এজাহাৰৰ ভিত্তিত গৌৰীসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চন্দ্ৰ দাস আৰু পিংকী দাস নামৰ বেজৰ এজেন্ট ৰূপী স্বামী-স্ত্ৰীক ।

উল্লেখ্য যে গৌৰীসাগৰ নকটানিৰ ৰীণামণি বড়া নামৰ মহিলাগৰাকীক অসুখ আৰোগ্য কৰাৰ বিনিময়ত চল-চাতুৰি, প্ৰলোভনেৰে পিংকী দাস আৰু চন্দ্ৰ দাসে আত্মসাৎ কৰে বৃহৎ পৰিমাণৰ ধনৰাশি । আনহাতে অভিযুক্ত পিংকী দাসে নামতি বৰছিলাৰ গোপাল বেজ নামৰ বেজালিক ধন দিয়া বুলি প্ৰকাশ কৰিছে যদিও আৰক্ষীৰ তদন্ততহে সকলো কথা স্পষ্ট হ’ব ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular