--°C
Loading...
Listen to Article
2 min read
80%

সকলো শেহতীয়া সুৰক্ষা ব্যৱস্থা থকা অত্যাধুনিক হেলিকপ্টাৰে সাতজন যাত্ৰী আৰু পাইলটক কঢ়িয়াই নিবলৈ সক্ষম হ'ব। হেলিকপ্টাৰখন সাগৰ পৃষ্ঠৰ পৰা ২০,০০০ ফুট উচ্চতাৰ পৰাও অৱতৰণ আৰু উৰণ কৰিবলৈ সক্ষম।

ডিজিটেল ডেস্ক : এগৰাকী ভাৰতীয়! যাৰ কৃতিত্বই গৌৰৱান্বিত কৰিছে সকলো ভাৰতীয়ক৷ আমি ক'বলৈ বিচাৰিছো আৰ পি গ্ৰুপ অব কোম্পানীৰ অধ্যক্ষ বি ৰবি পিল্লাৰ কথা৷ পিল্লাই ১০০ কোটি টকাৰ এয়াৰবাছ এইচ-১৪৫ হেলিকপ্টাৰৰ ক্ৰয় কৰি সৰ্বত্ৰে লাভ কৰিছে চৰ্চা৷ বিলাসী হেলিকপ্টাৰৰ গৰাকী হোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে পিল্লা। বৰ্তমান বিশ্বজুৰি মাত্ৰ ১,৫০০ এইচ-১৪৫হে আছে। ৬৮ বছৰীয়া কোটিপতিজনৰ মূল্য বৰ্তমান ২.৫ বিলিয়ন ডলাৰ আৰু তেওঁৰ বিভিন্ন কোম্পানীত প্ৰায় ৭০,০০০ কৰ্মচাৰী আছে আৰু ইউ এ ইৰ বাহিৰতো কৰ্মৰত হৈ আছে আৰু মধ্যপ্ৰাচ্যৰ সকলো দেশতে এই কোম্পানীয়ে যথেষ্ট অগ্ৰাধিকাৰ লাভ কৰি আহিছে। আৰ পি গ্ৰুপৰ এজন শীৰ্ষ বিষয়াই এই সন্দৰ্ভত কয় যে হেলিকপ্টাৰৰ শেহতীয়া সংযোজনে তেওঁৰ পৰ্যটন কাৰ্যকলাপক উৎসাহিত কৰিব৷ কিয়নো তেওঁ ৰাজ্যজুৰি বিলাসী হোটেলৰ মালিক আৰু তেওঁৰ অতিথিসকলক ৰাজ্যখনৰ পৰ্যটনস্থলীসমূহত লৈ যোৱাৰ বাবে ব্যৱহাৰ কৰা হ'ব৷ সকলো সুৰক্ষা ব্যৱস্থা থকা অত্যাধুনিক হেলিকপ্টাৰে সাতজন যাত্ৰী আৰু পাইলটক কঢ়িয়াই নিবলৈ সক্ষম হ'ব। হেলিকপ্টাৰখন সাগৰ পৃষ্ঠৰ পৰা ২০,০০০ ফুট উচ্চতাৰ পৰাও অৱতৰণ আৰু উৰণ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰি হেলিকপ্টাখনে দুৰ্ঘটনাৰ ক্ষেত্ৰত ইয়াৰ যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিব পৰাৰ লগতে এইচ-১৪৫ উন্নত যোগাযোগ প্ৰণালীৰে সুসজ্জিত। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ